WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিত ২০ বছৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত শিশু নিৰ্যাতনকাৰী বিশাল থাপাক
বিশ্বনাথ,১০মে’ : বিগত ২০২১ চনতে চতিয়া আৰক্ষী থানা অধীনৰ গোসাঁই চাপৰিৰ ২৩ বছৰীয়া যুৱক বিশাল থাপা নামৰ লম্পটটোৱে পাঁচ বছৰীয়া এগৰাকী কনমানি কন্যা শিশুক যৌন নিৰ্যাতন চলাই ।
এই জঘন্য কাণ্ডৰ বিৰুদ্ধে শিশুটিৰ মাতৃৰ এজাহাৰ ভিত্তিত চতিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল। এই গোচৰটোৰ তদন্তকাৰী বিষয়া আছিল সেই সময়ৰ চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মা। আৰক্ষী বিষয়া গৰাকীৰ নিখুঁত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত গোচৰটোৰ মূল অভিযুক্ত বিশাল থাপাক বিশ্বনাথৰ জিলা আদলতে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে(Biswanath News)।
পকচ'(POCSO) আইনৰ চেক্সন ৪/চাব চেক্সন ২ অধীনত বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়ধীশ ববীতা ক্ষেত্ৰী আদালে ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫ হেজাৰ জৰিমনাৰ ৰাই প্ৰদান কৰিছে। এই গোচৰটোত চৰকাৰী অধিবক্তা (বিশেষ POCSO) মৌচুমি বৰঠাকুৰ বৰুৱাই বিচাৰ প্ৰক্ৰিয়াত সহযোগ আগবঢ়াইছিল। বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়াধীশৰ এই ৰাই সকলোৱে আদৰণি জনাইছে।
গোচৰটোৰ লগত জড়িত আৰক্ষী বিষয়া অধিবক্তা সকলকো অভিনন্দন জনাইছে সচেতন মহলে।
লগতে পঢ়ক : WATCH | Sensational incident : চাপৰত একেলগে উদ্ধাৰ মাতৃ আৰু দুই বছৰীয়া কন্যা সন্তানৰ মৃতদেহ