WATCH | Biswanath News : বিশ্বনাথৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী
বিশ্বনাথ,৬মে’ : বিশ্বনাথৰ দক্ষিন মৰলগাঁৱৰ সমীপৰ জাপৰিগুৰি নিবাসী অপু বৰা নামৰ ৪৫ বছৰীয়া ব্যক্তিজন যোৱা ৫ মাহ ধৰি আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। প্ৰথমে বিশ্বনাথত ৰোগৰ বিষয়ে জানিব পাৰি গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা আৰম্ভ কৰে। কিন্তু পত্নী, দুই সন্তান তথা মাতৃসহ বিশ্বনাথত এখন ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি থকা অপু ৰোগত আক্ৰান্ত হোৱাত এতিয়া উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰিছে(Biswanath News)।
পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা সামান্য এখন ই ৰিক্সাৰে যেনে তেনে পেটে ভাতে খাই থকা অপুৰ পৰিয়ালৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে। যি কেইটা জমা ধন আছিল চিকিৎসাৰ নামত কেতিয়াবাই শেষ হ’ল। আনকি মাটি বাৰিও বিক্ৰী কৰিলে। যি খন ই ৰিক্সাৰ দ্বাৰা উপাৰ্জন কৰি পৰিয়াল চলাইছিল সেই ই ৰিক্সাখনো বিক্ৰীৰ বাবে যো জা চলাইছে। ইফালে গাঁওখনৰ ৰাইজে কিছু সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত নহয়।
সেয়েহে এতিয়া পৰিয়ালটোৰ বাবে প্ৰয়োজন হৈ পৰিছে কোনো হৃদয়বান ব্যক্তিৰ অকনমান সহায়ৰ হাত। অপুৰ পত্নীয়ে অকনমান সহায় কৰি স্বামীক সুস্থ কৰি তোলাৰ বাবে ৰাইজক অনুৰোধ জনাইছে। যদিহে কোনো ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে ইউক’ বেংক, বিশ্বনাথ চাৰিআলি শাখাৰ একাউণ্ট নম্বৰ ০৪১৯০১১০০৩৯৬৩২,, আই এফ চি ~ UCBA0000419 অথবা ৯১০১৩৫৭৪২৬ মোবাইল নম্বৰত গুগ’ল পে’ ৰ জৰিয়তে সহায় কৰিব পাৰিব বুলি জানিবলৈ দিছে পত্নী তথা দুই সন্তানে।
লগতে পঢ়ক : WATCH | Heated situation : নিশা চাপৰৰ পুঠিমাৰীত উত্তপ্ত পৰিস্থিতি