Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উপস্থিত তুলিৰাম ৰংহাঙে

বিশ্বনাথ,২৭এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশ্বনাথত তীব্ৰতৰ কৰি তুলিছে বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ কাৰ্য। তাৰ মাজতে বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে নেতা কৰ্মীয়ে ।

বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ হৈ কাৰ্বি জনগোষ্ঠী সকলৰ ভোট আদায় কৰিবলৈ এতিয়া বিশ্বনাথ তথা বিহালীত এন্ট্ৰী মাৰিছে কাৰ্বি আংলং স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

বিশ্বনাথ তথা বিহালী সমষ্টিৰ অন্তৰ্গত প্ৰায় বিশ হাজাৰ কাৰ্বি ভোটাৰক বিজেপিৰ সাপেক্ষে ভোট দান কৰিবলৈ তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ক্ৰমে শামুকজুলী,মিছামাৰি আৰু চেলাইখাটিৰ তিনিখনকৈ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশ গ্ৰহন কৰি বিজেপিক ভোট দিবলৈ ৰাইজক আহবান জনাই(Biswanath News)।

আনহাতে এই নিৰ্বাচনী প্ৰচাৰ সভাতে সাংবদিকক মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে বিজেপি চৰকাৰে নেতৃত্বত সকলো দিশত উন্নয়ন হোৱাৰ লগতে উগ্ৰপন্থীক দমন কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে সকলো জাতি জনগোষ্ঠিৰে সমস্যা সমাধান কৰিছে যাৰ বাবে বিজেপিৰ বিজয় নিশ্চিত।

ইফালে পেহেলগামৰ ঘটনাক নিন্দা কৰাৰ লগতে বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰ কৰাৰ বাবে ভাল পাইছো বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে। আনহাতে তিনিটা ‘ডি’ ৰ কথা উল্লেখ কৰি তুলিৰামে কয় যে দিল্লীত মোডী, দিছপুৰত হিমন্ত বিশ্ব শৰ্মা আৰু ডিফুত তুলিৰামৰ নেতৃত্বত চৰকাৰ আছে। গতিকে জয় নিশ্চিত ।

এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যকাৰ্যবাহী সদস্য গৰাকীক সংগ দিয়ে ডিফুৰ বিধায়ক বিদ্যাসিং ইংলেং,হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

লগতে পঢ়ক : WATCH | Dibrughar News : আজি মুকলি হ’বলগীয়া ডিব্ৰুগড় মানকটা পথৰ উৰণীয়া সেঁতুৰ বৈদ্যুতিক খুটাত হঠাৎ লাগিল জুই