Local, Vocal, Global

WATCH | Biswanath News : দৰিদ্ৰতাক নেওচি জুয়ে পোৰা সোণ হৈ জিলিকিল বিশ্বনাথৰ জানমণি কলিতা

বিশ্বনাথ,১২এপ্ৰিল : দৰিদ্ৰতাক নেওচি জুয়ে পোৰা সোণ হৈ জিলিকিল বিশ্বনাথৰ জানমণি কলিতা ৷

কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথৰ জানমণি কলিতা জুয়ে পোৰা সোণ হৈ জিলিকিছে, বিশ্বনাথৰ চৰকাৰী বিদ্যালয় চাৰিআলি একাডেমি হাইস্কুলৰ পৰা গেৰুৱাবাৰীৰ বসন্ত কলিতাৰ পুত্ৰ জানমণি কলিতাই ডিষ্টিংচন পাই বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে৷ পিতৃয়ে পান তামোলৰ বেপাৰ কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে জানমণি কলিতাক টিউচন দিব পৰা নাছিল(Biswanath News)৷

টিউচন নোলোৱাকৈ পঢ়াশুনা কৰি সৰ্বমুঠ ৫৬৫ নম্বৰ ৯৪ .১৬ শতাংশ নম্বৰ পাবলৈ সক্ষম হয়৷পঢ়াৰ লগতে জানমণি কলিতা সাংস্কৃতিক ক্ষেত্ৰতো আগবঢ়া । সুন্দৰ বাহী আৰু পেপা বজাই ৷ দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ নহয় তাক জানমণি কলিতাই নিৰ্দশন দাঙি ধৰিছে৷

জানমণিয়ে কটন কলেজত কলা শাখাত নাম ভৰ্ত্তি কৰিব বুলি জানিবলৈ দিয়ে আৰু ভবিষ্যতে এগৰাকী আই এছ বিষয়া হোৱাৰ সপোন আছে আনহাতে জানমণিয়ে অসমীয়াত ১০০ নম্বৰ পাবলৈ সক্ষম হৈছে৷ জানমণিৰ ফলাফলত গাওঁবাসী আনন্দিত হৈছে ৷

লগতে পঢ়ক : WATCH | Rongali Bihu 2025: ধিং খ্ৰীষ্টজ্যোতি বিদ্যালয়ত আগতীয়া ৰঙালী বিহু উৎসৱ উদযাপন