Local, Vocal, Global

WATCH | Biswanath News : বিহুৰ প্ৰাকক্ষণত তলা লাগিল বিশ্বনাথৰ ভি মাৰ্টত

বিশ্বনাথ,৬এপ্ৰিল : বিহুৰ প্ৰাকক্ষণত তলা লাগিল বিশ্বনাথৰ ভি মাৰ্ট। বিশ্বনাথৰ শ্বপিং মল ভি মাৰ্ট সাময়িকভাৱে বন্ধ। জিলা দণ্ডাধীশৰ উপস্থিতিত বন্ধ কৰিলে ভি মাৰ্ট।

বিশ্বনাথৰ শ্বপিং ম’ল ভি মাৰ্টৰ মইমতালি কৰাৰ অভিযোগ। গ্ৰাহকক সামগ্ৰী লোৱাৰ পিছত ধন আদায়ৰ বিল নিদিয়ে। হোৱাটছ আপত বিল যায় বুলি কয় যদিও হোৱাটছ আপ নথকা গ্ৰাহক সকল পৰিছে বিপদত(Biswanath News)।

শ্বপিং ম’লখনৰ পৰিচালকে এইটো নিয়ম বুলি কৈছে যদিও কোনোধৰণৰ নিয়মাৱলী দেখুৱাব নোৱাৰিলে। আনকি শ্বপিং ম’ল খনত নাই কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা। সচেতন কিছু যুৱকে ৰাইজৰ খাতিৰত পৰিচাৰক গৰাকীক প্ৰশ্ন কৰা তেখেত অযুক্তিকৰ কথা উত্থাপন কৰে। জিলা দণ্ডাধীশৰ উপস্হিতিত বন্ধ কৰিলে ভি মাৰ্ট।

লগতে পঢ়ক : WATCH | Boko News : পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰস্তুতি ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যা ৰেল্লিনা জে চাংমাৰ