Local, Vocal, Global

Watch | Biswanath news: অনলাইন গেমত লগত জড়িত দুজন যুৱকক আটক বিশ্বনাথ আৰক্ষীৰ

বিশ্বনাথ: বিশ্বনাথ চাৰিআলিত ফেক একাউণ্ট ব্যৱহাৰ কৰি অনলাইন গেমৰ লগত জড়িত লোকক একাউণ্ট নম্বৰ দি ঠগ প্ৰবঞ্চনাৰ কৰি অহা দুই যুৱক বিশ্বনাথ আৰক্ষীৰ জালত। বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাৰ মাৰোৱাৰী যুৱক ৰোহন সিং পাৱাৰ আৰু কুমলীয়াৰ আজগৰ আলিক যোৱা ৭ তাৰিখে নিশা বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই আটক কৰি চাৰিদিন লৈকৈ জেৰা অব্যাহত ৰাখিছিল।

তাৰ পিচতে আজি দুয়ো ঠগ প্ৰবঞ্চকক জিলা ন্যায়িক জিম্মাত হাজিৰ কৰোৱাই কেচ নং ২৫/৪২০ অপৰাধত ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে যি সময়ত অনলাইন গেমৰ জৰিয়তে অবৈধ্য ভাবে সহজৰূপত ধন অৰ্জন কৰা অপৰাধত বহু লোক জেলত গৈছে। সেই সময়তে পুনৰ বিশ্বনাথত অনলাইন গেমত কিছু লোকে চাহিদা মেলিছে।

এই ক্ষেত্ৰত বীৰ লাচিত সেনা (অসম) ৰ বিষয়ববীয়া লগতে সচেতন মহলে ধিক্কাৰ তথা গৰিহণা দি এই অনলাইন গেমৰ লগত জড়িত লোকক উচিত শাস্তি প্ৰদানৰ দাবী কৰে বিশ্বনাথ আৰক্ষীক ৷

লগতে পঢ়ক: Watch | Aamsu Protest:ৰেজাউল কৰিম সৰকাৰ আটক আৰক্ষীৰ