Local, Vocal, Global

Watch | Biswanath news : বিশ্বনাথৰ সাকোমঠাত ত্ৰিৰংগা যাত্ৰা

বিশ্বনাথ: আজিৰে পৰা সমগ্ৰ ভাৰতবৰ্ষত ত্ৰিৰংগা যাত্ৰা আৰম্ভ হোৱাৰ সমান্তৰালকৈ বিশ্বনাথ বিধানসভা সমষ্টিৰ সাকোমঠাতো সাকোমঠা মণ্ডলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সাধাৰু খেল ময়দানৰ পৰা সাধাৰু গাঁওৰ চোতালে চোতালে ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ এই কাৰ্যসূচী শুভাৰম্ভ কৰে।

বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমঠা ১ জিলা পৰিষদৰ সদস্যা তথা উপ সভাপতি পবিতা নাৰ্জাৰি গয়াৰী, সাকোমঠা ২ জিলা পৰিষদৰ সদস্য গণেশ বাছোৱাৰ, সাকোমঠা মণ্ডলৰ সভাপতি ৰঞ্জন ৰাওতিয়া সহ তিনি শতাধিক ৰাইজে ত্ৰিৰংগা যাত্ৰা অংশগ্ৰহণ কৰি ভাৰত মাতা কি জয়। ভাৰতীয় সৈনিক জিন্দাবাদ, ভাৰতীয় সৈনিক অমৰ হওক আদি ধ্বনি দি অঞ্চলটো গুঞ্জাময় কৰি তোলে ৷

লগতে পঢ়ক :Watch | North-guwahati news: GMDA অনুষ্ঠিত প্ৰথম বাৰ্ষিক কামৰূপ জিলা আন্তঃ স্কুল সাঁতোৰ প্ৰতিযোগিতা