Local, Vocal, Global

Watch | Biswanath news: বিশ্বনাথত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বিশ্বনাথ: বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ অন্তৰ্গত জংঘল বস্তিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হয় । জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্ত বিষয়া উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে আজি সন্ধ্যা বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ জংঘল বস্তিৰ পথৰে AS 32C 1623 নম্বৰৰ বলেৰ’ পিক আপ ভান এখনে চাহ পাত কঢ়িয়াই গাড়ীখন পিছফালে অনাৰ সময়তে এটি ডেৰ বছৰীয়া শিশুৰ দেহত গাড়ীৰ চকা উঠি যায়। ফলত সেই স্থানতে শিশুটিৰ মৃত্যু হয়।

লগে লগে এক উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হয়।স্থানীয় একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ভঙাৰ লগতে গাড়ী চালক হাচমত আলিক আক্ৰমন কৰাৰ চেষ্টা চলাই যদিও আন একাংশ লোকে গাড়ী চালক গৰাকীক এজন লোকৰ ঘৰত সুমুৱাই প্ৰাণ ৰক্ষা কৰে।

পিছত আৰক্ষী উপস্হিত হৈ ঘটনা স্থলীৰ পৰা চালক জনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে আৰু চালক জনক সুমুৱাই ৰখা কোঠাৰ দুৱাৰ খোলাৰ লগে লগে দেখা পাই যে চালকজন আৰক্ষী অহাৰ পূৰ্বেই সেই কোঠাৰ পৰা পলায়ন কৰে।

যাৰ বাবে পৰিস্হিতি অধিক উত্তপ্ত হৈ পৰে।বহু সময় জিলা আৰক্ষীৰ উচ্চ পদস্ত বিষয়া আৰু জিলা প্ৰশাসনৰ লোকে পৰিস্হিতি নিয়ন্ত্ৰন কৰাৰ চেষ্টা চলাই আৰু কৌশলৰে ঘটনাস্থলীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।পৰিস্হিতি এতিয়াও উত্তপ্ত হৈয়ে আছে।

লগতে পঢ়ক: Watch | Event of Borgeet and Sattriya dance workshop: বৰগীত আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ অনুষ্ঠান