Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথ জিলা চিকিৎসালয়ত কৃত্ৰিম বান

বিশ্বনাথ,২৩জুন : এজাক বৰষুণতে বিশ্বনাথ জিলা চিকিৎসালয়ত কৃত্ৰিম বান। আজি পুৱাৰ ভাগত অহা এজাক বৰষুণৰ ফলত এতিয়া বিশ্বনাথ জিলা চিকিৎসালয়ত পানীৰে ভৰি পৰে । চিকিৎসালয় খনৰ নিৰ্মানত গাফিলতি থকাৰ বাবেই এতিয়া এনেদৰে সমস্যাত ভুগীবলগীয়া হৈছে ৰুগী তথা চিকিৎসা কৰ্মী সকল। চিকিৎসালয়খনৰ ফাৰ্মাচীতো সোমাইছে পানী(Biswanath News)।

চিকিৎসালয়খনৰ চাদ নিৰ্মানত বিসংগতি থকাৰ বাবেই বৰষুণৰ পানী এনেদৰে সোমাই সমস্যাৰ সৃষ্টি কৰিছে। আগতেও বহুবাৰ এই সমস্যাত পৰিছে ৰুগী আৰু স্বাস্থ্য কৰ্মী সকল। প্ৰতিদিনে এই বিশ্বনাথ জিলা খনৰ একমাত্ৰ জিলা চিকিৎসালয়ত পাঁচ শতাধিকক অধিক ৰোগী চিকিৎসাধীন হয়।

কিন্তু স্বাস্থ্য বিভাগ কিম্বা জিলা প্ৰশাসনে এই সমস্যা সম্পৰ্কত কানসাৰ নাই, এই জিলা চিকিৎসালয়ত এনে ভৰপূৰ সমস্যাৰ বাবে ৰোগী অথবা ৰোগীৰ লগত অহা পৰিয়ালৰ মাজত বিষম অসুবিধাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক : WATCH | Dhing News : ধিং বজাৰৰ মাজমজিয়াত চুৰিকাণ্ডৰ ঘটনা