Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথ জিলাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

বিশ্বনাথ,১৪জুন : আজি বিশ্বনাথ জিলাত জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত বিশ্বনাথ জিলা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় ।

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত অনুষ্ঠিত এই লোক আদালতত আপোচযোগ্য, বিভিন্ন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী গোচৰ, চেক বাউঞ্চ, ৰাজহ সংক্ৰান্তীয়, টেলিফোন বিল, বেংক ঋণ, বিদ্যুৎ মাচুল, ট্ৰেফিক চালান সম্পৰ্কীয় বিবাদ সমুহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে(Biswanath New)।

উক্ত লোক আদালতত মুঠ ১৫৩৮ টা প্ৰাক মোৰ্কদমা (Pre Litigation) গোচৰ নিষ্পত্তি কৰা হৈছে য’ত ১২ টা ক্ৰিমিনেল কম্পাউণ্ডেবল গোচৰ, এন.আইৰ ১৫ টা গোচৰ, বৈবাহিক ৪ টা গোচৰ, ৩ টা অন্যান্য দেৱানী গোচৰ, ৩৯৩ টা মটৰ বাহন আইন গোচৰ, ৭৮১ টা বেংক আদায়ৰ গোচৰ, ৬৯৫ টা বিদ্যুৎ মাছুল সম্পৰ্কীয় গোচৰ, ৬২ টা বি.এচ.এন.এলৰ গোচৰ অন্তৰ্ভুক্ত হৈ আছে ।

লগতে পঢ়ক : WATCH | Jorhat News : পোহৰলৈ আহিছে বাল্য বিবাহক লৈ ভয়ংকৰ তথ্য