Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিৰ ডায়েটৰ উদ্যোগত “কিতাপ পঢ়িবলৈ যাওঁ বলা “শীৰ্ষ কাৰ্যসূচী

বিশ্বনাথ,২৭মে’ : বিশ্বনাথ চাৰিআলিৰ ডায়েটৰ উদ্যোগত “কিতাপ পঢ়িবলৈ যাওঁ বলা “শীৰ্ষ কাৰ্যসূচী, জিলা আয়ুক্ত’ৰ অংশগ্ৰহণ

ডায়েট বিশ্বনাথৰ উদ্যোগত আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে “কিতাপ পঢ়িবলৈ যাওঁ বলা“ কাৰ্যসূচীৰ লগত সংগতি ৰাখি কিতাপ পঢ়িবলৈ যাওঁ বলা শীৰ্ষ কাৰ্যসূচী জ্ঞান সাৰথি গ্ৰন্থ যাত্ৰা আৰু সাহিত্য সংস্কৃতিৰ ভিন্ন কাৰ্যক্ৰমণিকা অনুষ্ঠিত কৰা হয়(Biswanath News)।

আহক লগে ভাগে কিতাপৰ পাত লুটিয়াও আৰু মনৰ দুৱাৰ মুকলি কৰো, এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰলা দেৱীয়ে, আজি এই শুভাৰম্ভ অনুষ্ঠানত মূল সভা আয়োজন কৰা হয়।

বিশ্বনাথ শিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ অধ্যক্ষ চন্দন কুমাৰ ভূঞাই জানিবলৈ দিয়ে যে শিশু আৰু উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে এই কাৰ্যসূচী হাতত লয় ৷

উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে বিশ্বনাথ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথটে, বিশ্বনাথ মহাবিদ্যালয় অধ্যক্ষ ড° চিন্তামনি শৰ্মা, নিৰ্দিষ্ট বক্তা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এচচিয়েট ডিন ৰনেন্দ্ৰ নাথ বৰ্মণ আদি অংশগ্ৰহণ কৰে৷

লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত অবড়ো সুৰক্ষা সমিতি অসমৰ সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাসৰ সংবাদমেল