Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথত উপস্থিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত

বিশ্বনাথ,২৫মে’ : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথত উপস্থিত হয়। বিশ্বনাথৰ আৱৰ্ত ভৱনত বিশ্বনাথ জিলাত আগতীয়াকৈ বান প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

বৈঠকত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ চাৰিআলিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱায়ো অংশগ্ৰহণ কৰে(Biswanath News)।

সভাৰ অন্তত সাংবাদিকক মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে বিশ্বনাথ জিলাৰ তিনিওটা বিধান সভা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিত বানপানীৰ সময়ত আগতীয়াকৈ মোকাবিলা কৰিবৰ বাবে ১ কোটি ৭৫ লাখ টকা মোকলাই দিয়ে। ইয়াৰে বিশ্বনাথৰ বাবে ৭৫ লাখ, বিহালী আৰু গহপুৰৰ বাবে ৫০ লাখ টকাকৈ জিলা আয়ুক্তৰ জৰিয়তে মোকলাই দিয়ে। আনহাতে আজিৰ এই সভাত জলসম্পদ বিভাগৰো পুৰণা কামবোৰ কিমান মেৰামতি হ’ল সেই সন্দৰ্ভতো আলোচনা কৰে বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশব মহন্তই।

লগতে পঢ়ক : WATCH | Tiranga Yatra : বঙাইগাঁৱত ছেল্যুট ত্ৰিৰংগা অসম প্ৰদেশৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা