Local, Vocal, Global

WATCH | Biswanath News : বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ পথৰ দাঁতিত দৃষ্টি নন্দন দৃশ্য

বিশ্বনাথ,১৮মে’ : বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ পথৰ দাতিঁত এজাৰৰ দৃষ্টি নন্দন দৃশ্য।

এজাৰৰ লগতে কৃষ্ণচূড়াৰো নান্দনিক দৃশ্যই মোহিত কৰিছে প্ৰকৃতিপ্ৰেমীক ৷ এজাৰৰ সুবাসত মতলীয়া হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰকৃতিপ্ৰেমী ৷

বিশ্বনাথ মহাবিদ্যালয়ৰ দীঘলীয়া পথৰ কাষত শাৰী শাৰীকৈ ফুলি থকা এজাৰ ফুলৰ সৌন্দৰ্যত মোহিত হৈ এপলক ৰৈ উপভোগ কৰে পথচাৰীয়ে৷ শাৰী শাৰীকৈ ফুলি থকা এজাৰৰ নান্দনিক দৃশ্যৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এই স্থানক নাম দিছে এজাৰৰ দেশ ৷ এই এজাৰ ফুলৰ সুবাসে মতলীয়া কৰিছে বিশ্বনাথৰ সকলো প্ৰকৃতি প্ৰেমীক(Biswanath News)৷

লগতে পঢ়ক : WATCH | Goreswar News : ”উন্নয়নৰ নামত ঢাক ঢোল বজায় থাকে বিজেপি-ইউপিপিএলে”