Local, Vocal, Global

Biswanath News: সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কার্যসূচী

বিশ্বনাথ,১০ ফেব্ৰুৱাৰী : সদৌ অসম আদিবাসী ছাত্র সন্থা শোণিতপুৰ আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কার্যসূচী।

বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰ সন্মুখত বিভিন্ন ন্যায্য প্ৰাপ্য দাবীৰে বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই। দাবী অসমৰ আদিবাসী সকলক অতিশীঘ্ৰে অনুসূচীতকৰণৰ মৰ্য্যদা প্রদান কৰক(Biswanath News)।

অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জাতিগত প্রমাণ পত্র প্রদান কৰক। অসমৰ আদিবাসী চাহ শ্রমিক সকলক দৈনিক মজুৰি ৫৫০/-টকালৈ বৃদ্ধি কৰক। অসমত বসবাস কৰি থকা আদিবাসী সকলক The Traditional Forest Dwellers Act. 2006 অনুসৰি তিনিটা প্রজন্মৰ পৰিৱর্তে জনজাতি সকলৰ দৰেই এটা প্ৰজন্মৰ আধাৰত আদিবাসী সকলক মাটিৰ পট্টা প্রদান কৰক।

এই কাৰ্যসূচীত সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ ৰাজ্যিক সভাপতি গোডবিণ হেমৰম,ৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলা সমিতিৰ সকলো বিষয়ববীয়াসকল অংশগ্ৰহণ কৰে।

লগতে পঢ়ক :Drug peddler: কামৰূপৰ বংশৰত ড্ৰাগছ ব্যৱসায়ীক উত্তম মাধ্যম ৰাইজৰ