Local, Vocal, Global

Bismoi Founding Editor Shashi Phukan Passes Away : ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

নিউজ ডেস্ক,২৬অক্টোবৰ : বিশিষ্ট সাহিত্যিক শশী ফুকনৰ দেহাৱসান। বিস্ময়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত শশী ফুকন। শুকুৰবাৰে নিশা ১০-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকী। মৃত্যুৰ সময়ত সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৭৮ বছৰ।বিস্ময় আলোচনীৰ প্ৰকাশক তথা প্ৰতিষ্ঠাকালৰে পৰা সম্পাদকৰ দায়িত্ব পালন কৰি অহা শশী ফুকনে

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়াৰ ভাগত দুবাৰ ষ্ট্ৰ’ক হৈছিল তেঁওৰ। তেতিয়াৰ পৰাই ক্ৰমাৎ জটিল হৈছিল স্বাস্থ্যৰ পৰিস্থিতি। । বিশেযজ্ঞ চিকিৎসকে চিকিৎসা কৰিও অৱশেষত হাৰ মানিবলৈ বাধ্য হয়(Bismoi Founding Editor Shashi Phukan Passes Away)।

উল্লেখযোগ্য যে, বিগত ডেৰমাহতকৈও অধিক সময় ধৰি চিকিৎসাধীন হৈ আছিল শশী ফুকন। প্ৰথমে মহানগৰীৰ হায়াট হাস্পতালত ভৰ্তি হৈ আছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় শশী ফুকনক। যোৱা ৭ ছেপ্টেম্বৰত ঘৰতে পৰি আঘাতপ্ৰাপ্ত হৈছিল শশী ফুকন। যথেষ্ট ৰক্তক্ষৰণ হোৱা বাবে পৰিয়ালে ততাতৈয়াকৈ ভৰ্ত্তি কৰিছিল সমীপতে থকা হায়াট হাস্পতালত। যোৱা ৭ ছেপ্টেম্বৰৰ পৰাই ICUত চিকিৎসাধীন হৈ আছিল শশী ফুকন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত ২৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল শশী ফুকন।

মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ পাছত বুকুৰ ইনফেঁকচনত আক্ৰান্ত হৈছিল শশী ফুকন। বিশিষ্ট সাহিত্যিকগৰাকীক চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰেও আগবঢ়াইছিল বিশেষ আৰ্থিক সাহায্য।

লগতে পঢ়ক :Road Accident in Jorhat : তিনিখনকৈ বাহনত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ