Local, Vocal, Global

Bishwanath protest : বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ,স্মার্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ দাবীৰে চি.আই.টি.ইউ ৰ প্ৰতিবাদ

বিশ্বনাথ,১৫অক্টোবৰ : বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ,স্মার্ট মিটাৰৰ সংযোগ বন্ধ কৰাৰ দাবীৰে চি.আই.টি.ইউ ৰ প্ৰতিবাদ

মঙলবাৰে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন বিশ্বনাথ জিলাৰ উদ্যোগত অখিল ভাৰতীয় কিষাণ সভা, সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা আৰু ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সহযোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, স্মার্ট মিটাৰৰ সংযোগ বন্ধ কৰা, বিদ্যুৎ সেৱা ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলিৰ বিনাপাণী নাট্য মন্দিৰ সন্মুখত দিনৰ ১২:৩০ বজাত একত্ৰিত হৈ হাতে হাতে প্লে কাৰ্ড আৰু লাল চালাম পতাকা লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা, স্মার্ট মিটাৰৰ সংযোগ বন্ধ কৰা, বিদ্যুৎ সেৱা ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ(Bishwanath protest) ।

এই প্ৰতিবাদত চিটুৰ ৰাজ্যিক নেতা কমৰেড দীনেশ নায়ক, চিটুৰ বিশ্বনাথ জিলাৰ সভাপতি আৰু সম্পাদক ক্ৰমে কমৰেড গংগা পৰাজুলি আৰু ধীৰেণ ভূমিজ, কমৰেড শিৱনাথ তাঁতী, স্বপন কুমাৰ পা, জিলা কৃষক সভাৰ সম্পাদক বিষ্ণু শৰ্মা, জিলা মহিলা সমিতিৰ উপ সভানেত্ৰী মিনতি হাজৰীকা, সম্পাদিকা মিনু দে, ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচন ৰ সভাপতি শ্নেহাংজৰ চক্ৰৱৰ্তী আদি অংশগ্ৰহণ কৰে।

লগতে পঢ়ক :Assam Tribune Director ‘Surajit Govinda Baruah’ Passes Away : আছাম ট্ৰিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান