Local, Vocal, Global

WATCH | Bishwanath News : অব্যাহত আছে বিশ্বনাথত কিশোৰৰ সন্ধান বিচাৰি এন ডি আৰ এফৰ অভিযান

বিশ্বনাথ,১৯এপ্ৰিল : বিশ্বনাথত কিশোৰৰ সন্ধান বিচাৰি এন ডি আৰ এফৰ অভিযান। ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ’ল সামুহিক দোৱা। আনহাতে সমান্তৰালভাৱে চলিছে এন ডি আৰ এফ-এছ ডি আৰ এফৰৰ অভিযান(Bishwanath News)।

উল্লেখ্য যে যোৱা বুধবাৰে মহাবাহু ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মুছাৰফ আলম নামৰ ১৭ বছৰীয়া এজন কিশোৰ। কিশোৰ জনৰ সন্ধান বিচাৰি আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত সমূহীয়া দোৱা প্ৰাৰ্থনা শতাধিক সংখ্যালঘু ৰাইজৰ। ইফালে নৈত যুৱকজৰ সন্ধান বিচাৰি অৰুণাচলৰ পৰা অতিৰিক্ত SDRF আৰু NDRF ৰ দল নিয়োগ।

বিশ্বনাথৰ ছোৱাগুৰী গাঁৱৰ শ্লুইচ গেটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰা এজন সতীৰ্থক পানীৰ পৰা বচাবলৈ গৈ সন্ধানহীন হৈ পৰিছিল নৈৰ বুকুত। তাৰ পিছতে মুছাৰফক বিচাৰি আজি চাৰি দিন পৰ্যন্ত SDRF ৰ দলে অভিযান চলালে যদিও কোনো সন্ধান লাভ নাপালে। যাৰ বাবে পুনৰ অৰুণাচলৰ পৰা অতিৰিক্ত SDRF আৰু NDRF ৰ দল উপস্থিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰত অভিয‍ান অব্যাহত ৰাখিছে।

ইফালে স্থানীয় শতাধিক সংখ্যালঘু ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত সমূহীয়া দোৱা প্ৰাৰ্থনা কৰি আল্লাৰ ওচৰত দোৱা কৰে,যাতে অতি শীঘ্ৰে সন্ধানহীন যুৱক জনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় অভিয‍ানকাৰী দলে। আনহাতে নৈৰ বুকুত সন্ধানহীন হোৱা যুৱকজনে যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজ মাতৃৰ সৈতে একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক : WATCH | Jamugurihat Theft: জামুগুৰিহাটৰ ধেকেৰীগাঁৱত দিন দুপৰতে চুৰিকাণ্ড