WATCH | Bishwanath News : বিশ্বনাথৰ পাভৈ মীন পামত অৰুণাচল প্ৰদেশ উৎসাহি মীন পালকক প্ৰশিক্ষণ প্ৰদান
বিশ্বনাথ,২২মাৰ্চ : বিশ্বনাথৰ পাভৈ মীন পামত অৰুণাচল প্ৰদেশ উৎসাহি মীন পালকক প্ৰশিক্ষণ প্ৰদান । বিশ্বনাথৰ পাভৈ মীন পাম পৰিদৰ্শন অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী গেব্ৰিয়েল ডি ৱাংছুৰ।
বিশ্বনাথৰ “পাভৈ মীন পাম” উত্তৰ-পূবৰ ৰাজ্য সমূহৰ বাবে আকৰ্ষণ হৈ পৰিছে ৷ মৎস্য পালনৰে বিখ্যাত এই পাম খনলৈ উত্তৰ পূৱৰ বহু কেইখন ৰাজ্যই প্ৰেৰণ কৰে মীন পালক সকলক৷
শেহতীয়াকৈ অৰুণাচল প্ৰদেশ চৰকাৰে পাভৈ মীন পামত মীন পালনৰ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছে উৎসাহি মীন পালকক ৷ শনিবাৰে এই পামত অৰুণাচলৰ প্ৰশিক্ষণক সকলক উৎসাহিত কৰিবৰ বাবে উপস্থিত হয় অৰুণাচল প্ৰদেশৰ মীন, কৃষি, পশুপালন আৰু দুগ্ধ বিভাগৰ মন্ত্ৰী গেব্ৰিয়েল ডি ৱাংছুক(Bishwanath News)৷
তেওঁ মীন পালনৰে অৰুণাচল তথা উত্তৰ পূবৰ ৰাজ্য সমূহ স্বাৱলম্বী হোৱাত গুৰুত্ব দিয়ে৷ আনহাতে বহি:ৰাজ্যৰ পৰা মীন পালক প্ৰশিক্ষণ ল’বলৈ অহাত উৎফুল্লিৎ হৈ পাৰে৷আনহাতে, প্ৰশিক্ষক সকল প্ৰশিক্ষণলৈ যথেষ্ট উপকৃত হোৱা বুলি মন্তব্য কৰে ৷