WATCH | Bishwanath News: বিশ্বনাথ নগৰৰ বি.জি ৰোডত অবৈধ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশ্বনাথ,২৪ফেব্ৰুৱাৰী: বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত বিশ্বনাথ নগৰৰ বি.জি ৰোডত অবৈধ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক বিশ্বনাথ আৰক্ষীৰ।
আটকাধীন যুৱককেইজনৰ পৰা ১৩ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ।
চতিয়াৰ পৰা বিশ্বনাথত কোনো লোকক এই ড্ৰাগছখিনি সৰবৰাহ কৰিবলৈ অহা সময়তে আৰক্ষীয়ে আটক কৰে যুৱক তিনিজনক। আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে খেদি খেদি বি. জি ৰোডত কৰায়ত্ব কৰে যুৱক কেইজনক।আটকাধীন যুৱক কেইজনৰ দিপাংকৰ বৰা, ৰূপান্তৰ বৰা আৰু অৰিন্দম সন্দিকৈ বুলি জানিব পৰা গৈছে(Bishwanath News)।