WATCH | Bishwanath News : বিশ্বনাথৰ পৌৰ সভাৰ সভাকক্ষত বাজেট সম্পৰ্কত সংবাদমেল
বিশ্বনাথ,২৩ফেব্ৰুৱাৰী : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ দ্বিতীয়খন পূর্ণাংগ বাজেট যোৱা ১ ফেব্ৰুৱাৰীত সংসদত উত্থাপন কৰে বিত্তমন্ত্রী নির্মলা সীতাৰমণে। সমাজৰ উচ্চ-মধ্যবিত্ত, ধনী-দুখীয়া শ্ৰেণীৰ আশা-আকাংখ্যাক প্রতিফলিত কৰি এখন জনমুখী বাজেট উত্থাপন কৰাকলৈ প্রধানমন্ত্রী মোদী অষ্টলক্ষ্মী বুলি অভিহিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দিশ সামৰি লোৱা বাবে আজি কেন্দ্রীয় বাজেট ২০২৫-২৬ ৰ ওপৰত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ সভা কক্ষত আয়োজন কৰা এখন সংবাদমেল অনুষ্ঠিত হয়(Bishwanath News)।
এই সংবাদমেলত ৰাজ্যিক আই কোষৰ আহ্বায়ক জয়ন্ত গোস্বামীৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধায়ক দিগন্ত ঘাটোৱাল, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিজেপি জিলা সভাপতি অসীম কুমাৰ দাস আদি উপস্থিত থাকে।
লগতে পঢ়ক:WATCH | Bhupen Kumar Borah:’মেহবুবুল হকক ভুৱা গোচৰ দি গ্ৰেপ্তাৰ কৰা হৈছে’:ভূপেন বৰা