Local, Vocal, Global

Bishwanath Contractor RTI Case : ঠিকাদাৰৰ দুৰ্নীতি পোহৰলৈ অনাৰ বাবেই এজন ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা ঠিকাদাৰৰ

নিউজ ডেস্ক, ২৪ জুলাই : দুৰ্নীতি পোহৰলৈ অনাৰ বাবেই এজন ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা ঠিকাদাৰৰ(Bishwanath Contractor RTI Case)। গুৱাহাটী মেডিকেল কলেজত ICU ত মৃত্যুৰ সৈতে যুঁজি আছে ভুক্তভোগীয়ে ।

ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি এইবাৰ গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বিশ্বনাথৰ এজন লোক । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে লোকজন । লোকজন গুপ্তকাশী বিশ্বনাথৰ বকুল দাস বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি বিশ্বনাথঘাটৰ বকুল দাস নামৰ ব্যক্তিগৰাকীয়ে অঞ্চলটোৰ এটি পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে RTIৰ অধীনত আবেদন কৰিছিল । এই আবেদনৰ অপৰাধত জাপান দাস নীমৰ ঠিকাদাৰজনে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে লোকজনক ।

উল্লেখ্য যে স্থানীয় ঠিকাদাৰ জাপান দাসৰ ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ অনাৰ বাবে ঠিকাদাৰ জনে প্ৰহাৰ কৰাৰ অভিযোগ । তেওঁৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিছতে ঠিকাদাৰ দাস খঙত অগ্নিশৰ্মা হৈ পৰে । আৰ টি আই আবেদনকাৰী বকুল দাসক যোৱা ২০ জুলাইত বিশ্বনাথ ঘাটৰ তিনিআলিত কেৰম খেলি থকা সময়তে সেই স্থানত উপস্থিত হৈ ঠিকাদাৰজনে প্ৰথমে বকুল দাসক গালি গালাজ কৰি শাৰীৰিক ভাৱে আঘাত কৰাৰ লগতে ডিঙি চেপি হত্যাৰ চেষ্টা কৰে।

ফলত বকুল দাস সেই স্থানতে ঢলি পৰাৰ লগতে অচেতন হৈ পৰে । পিছতে স্থানীয়লোক আৰু বকুল দাসৰ পৰিয়ালে লগে লগে গুৰুতৰভাবে আহত বকুল দাসক বিশ্বনাথ মহকুমা অসমৰিক চিকিৎসালয়লৈ লৈ যায় যদিও সংকটজনক অৱস্থা হোৱাৰ বাবে বকুল দাসক চিকিৎসালয় কৰ্তৃপক্ষই তেজপুৰলৈ প্ৰেৰণ কৰে। কিন্তু তেজপুৰতো বকুল দাসৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ বাবে অৱশেষত গুৱাহাটীৰ জি এম চিলৈ প্ৰেৰণ কৰে ।

বৰ্তমান বুকুল দাসে চাৰিদিন ধৰি জি এম চিৰ আই চি ইউত জীৱন আৰু মৃত্যুৰ সৈতে যুজি আছে । এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

নিউজ ডেস্ক, ২৪ জুলাই : দুৰ্নীতি পোহৰলৈ অনাৰ বাবেই এজন ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা ঠিকাদাৰৰ । গুৱাহাটী মেডিকেল কলেজত ICU ত মৃত্যুৰ সৈতে যুঁজি আছে ভুক্তভোগীয়ে ।

ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি এইবাৰ গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বিশ্বনাথৰ এজন লোক । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে লোকজন । লোকজন গুপ্তকাশী বিশ্বনাথৰ বকুল দাস বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি বিশ্বনাথঘাটৰ বকুল দাস নামৰ ব্যক্তিগৰাকীয়ে অঞ্চলটোৰ এটি পথ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আৰ টি আইৰ অধীনত আবেদন কৰিছিল । এই আবেদনৰ অপৰাধত জাপান দাস নীমৰ ঠিকাদাৰজনে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে লোকজনক ।

উল্লেখ্য যে স্থানীয় ঠিকাদাৰ জাপান দাসৰ ব্যাপক দুৰ্নীতিৰ তথ্য পোহৰলৈ অনাৰ বাবে ঠিকাদাৰ জনে প্ৰহাৰ কৰাৰ অভিযোগ । তেওঁৰ দুৰ্নীতি পোহৰলৈ অহাৰ পিছতে ঠিকাদাৰ দাস খঙত অগ্নিশৰ্মা হৈ পৰে । আৰ টি আই আবেদনকাৰী বকুল দাসক যোৱা ২০ জুলাইত বিশ্বনাথ ঘাটৰ তিনিআলিত কেৰম খেলি থকা সময়তে সেই স্থানত উপস্থিত হৈ ঠিকাদাৰজনে প্ৰথমে বকুল দাসক গালি গালাজ কৰি শাৰীৰিক ভাৱে আঘাত কৰাৰ লগতে ডিঙি চেপি হত্যাৰ চেষ্টা কৰে।

ফলত বকুল দাস সেই স্থানতে ঢলি পৰাৰ লগতে অচেতন হৈ পৰে । পিছতে স্থানীয়লোক আৰু বকুল দাসৰ পৰিয়ালে লগে লগে গুৰুতৰভাবে আহত বকুল দাসক বিশ্বনাথ মহকুমা অসমৰিক চিকিৎসালয়লৈ লৈ যায় যদিও সংকটজনক অৱস্থা হোৱাৰ বাবে বকুল দাসক চিকিৎসালয় কৰ্তৃপক্ষই তেজপুৰলৈ প্ৰেৰণ কৰে। কিন্তু তেজপুৰতো বকুল দাসৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ বাবে অৱশেষত গুৱাহাটীৰ জি এম চিলৈ প্ৰেৰণ কৰে ।

বৰ্তমান বুকুল দাসে চাৰিদিন ধৰি জি এম চিৰ আই চি ইউত জীৱন আৰু মৃত্যুৰ সৈতে যুজি আছে । এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

আনহাতে সোমবাৰে স্থানীয় ৰাইজ তথা ভুক্তভোগী পৰিয়ালে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জাপান দাসৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই আবেদন দাখিল কৰে । জানিব পৰা মতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ জাপান দাসে আগতীয়া জামিন লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Pathetic road condition : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে পুণ্যজানবাসীক