Antyodaya Diwas 2024: আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী

নিউজ ডেস্ক ২৫ছেপ্তেম্বৰ : আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী । প্ৰতি বছৰে ভাৰতত ২৫ ছেপ্টেম্বৰৰ দিনটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰু তেওঁৰ জীৱন আৰু স্মৃতিক সুঁৱৰি অন্ত্যোদয় দিৱস পালন কৰা হয় । অন্ত্যোদয় দিৱসে সমাজৰ অন্তিমজন ব্যক্তিক উন্নীত কৰাৰ দৃষ্টিভংগী আৰু অভিযানৰ ওপৰত আলোকপাত কৰে, য’ত কোনোৱেই পিছ পৰি নাথাকে তেনে এখন সৰ্বাংগীন ভাৰত গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে(Antyodaya Diwas 2024)।
২০১৪ চনত প্ৰথমবাৰৰ বাবে অন্ত্যোদয় দিৱস পালন কৰা হৈছিল ৷ ভাৰত চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰান্তীয় লোকসকলৰ বিকাশত তেওঁৰ অৱদানক সন্মান জনোৱাৰ দিন হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল(Honoring Pandit Deendayal Upadhyay’s Legacy) ।
১৯১৬ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজস্থানৰ ধনকীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল পণ্ডিত দীনদয়াল উপাধ্যায়ে । তিনি বছৰ নৌহওঁতেই পিতৃ ভাগৱতী প্ৰসাদক আৰু আঠ বছৰ বয়সৰ আগতেই মাকক হেৰুৱাইছিল । কানপুৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়ত ছাত্ৰ হৈ থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (R.S.S.)ত যোগদান কৰে ।
যদিও তেওঁ শিক্ষক হিচাপে যোগ্যতা অৰ্জন কৰিছিল, তথাপিও তেওঁ শিক্ষকতা বৃত্তি গ্ৰহণ কৰা নাছিল । বৰঞ্চ ১৯৪২ চনৰ পৰা আৰ এছ এছত পূৰ্ণকালীন কামত নিজকে উৎসৰ্গা কৰিছিল । দীনদয়াল উপাধ্যায় আছিল এজন গভীৰ আৰু মৌলিক চিন্তাবিদ । বস্তুগত আৰু আধ্যাত্মিক, ব্যক্তি আৰু সামূহিকৰ সংশ্লেষণ সম্পৰ্কে তেওঁৰ অখণ্ড মানৱতাবাদৰ দৰ্শনে বাকপটুতাৰ সাক্ষ্য বহন কৰে ।
ৰাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁ আছিল বাস্তৱিক আৰু ব্যৱহাৰিক । তেওঁ ভাৰতৰ বাবে গাঁৱক ভিত্তি হিচাপে লৈ এক বিকেন্দ্ৰীকৃত ৰাজনীতি আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ কল্পনা কৰিছিল । তেওঁ আধুনিক প্ৰযুক্তিক আদৰণি জনাইছিল যদিও ভাৰতীয় প্ৰয়োজনীয়তা অনুসৰি ইয়াক খাপ খুৱাই লোৱাটো বিচাৰিছিল । দীনদয়াল উপাধ্যায় আছিল আকাশলংঘী আদৰ্শবাদৰ ব্যক্তি আৰু সংগঠনত তেওঁৰ প্ৰচণ্ড ক্ষমতা আছিল ।
তেওঁ আৰম্ভ কৰিছিল এখন মাহেকীয়া আলোচনী “ৰাষ্ট্ৰ ধৰ্ম”, এখন সাপ্তাহিক কাকত ‘পাঞ্চজন্য’, আৰু এখন দৈনিক কাকত ‘স্বাধীন’। ১৯৫১ চনত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জন সংঘ প্ৰতিষ্ঠা কৰাৰ সময়ত দীনদয়াল উপাধ্যায় ইয়াৰ উত্তৰ প্ৰদেশ শাখাৰ প্ৰথমগৰাকী সম্পাদক আছিল । তেওঁক সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপেও নিৰ্বাচিত কৰা হয়(Birth Anniversary Of Pandit Deendayal Upadhyay)।
দীনদয়াল উপাধ্যায়ে গঠনমূলক পন্থাত বিশ্বাস কৰিছিল । তেওঁ অনুগামীসকলক চৰকাৰক সঠিক হ’লে সহযোগিতা কৰিবলৈ আৰু ভুল হ’লে নিৰ্ভয়ে বিৰোধিতা কৰিবলৈ আহ্বান জনায় । তেওঁ দেশৰ স্বাৰ্থক সকলোতকৈ ওপৰত স্থান দিছিল । ১৯৬৮ চনৰ ১ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৰেলত যাত্ৰা কৰি থকা সময়তে মৃত অৱস্থাত উদ্ধাৰ হৈছিল দীনদয়াল উপাধ্যায় ।