Birth anniversary of Lord Gautam Buddha : আজি পবিত্ৰ বৌদ্ধ পূৰ্ণিমা
নিউজ ডেস্ক,২৩মে’ : আজি বৌদ্ধ পূৰ্ণিমা । এই পূৰ্ণিমা আৰম্ভ হৈছে ২২ মে’ৰ সন্ধিয়া ৬:৪৭ বজাত আৰু এই মূৰ্হুত শেষ হ’ব ২৩ মে’ৰ সন্ধিয়া ৭:২২ বজাত।(Buddha purnima date and time)।সনাতনী মতে পূৰ্ণিমা তথা বুদ্ধ পূৰ্ণিমা তিথি বিশেষ গুৰুত্ব আছে। এই বছৰ ব’হাগত নহয়, পালিত হ’ব জেঠ মাহত ।বুদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলীৰ লোকসকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা বুদ্ধৰ জন্মদিনটোতে সমগ্ৰ দেশৰ প্ৰায় কেইখন দেশত পালন কৰা হয়(Birth anniversary of Lord Gautam Buddha) ।
উদয়া তিথি অনুসৰি, আজি পালিত হ’ব এই বছৰৰ বুদ্ধ পূৰ্ণিমা উৎসৱ। এই তিথিত পালন কৰিবলগীয়া কিছুমান নিয়ম আছে। কোৱা হয় যে এইবোৰ অনুসৰণ কৰিলে জীৱনত অৰ্থ আৰু সুখ-সমৃদ্ধিৰ অভাৱ নহয়।
আজিৰ দিনটোত বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ কিছুমানে সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্তসকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে। বুদ্ধ পূৰ্ণিমা তিথিৰ সন্ধিয়া চন্দ্ৰ দেৱতাক নিবেদন কৰক অৰ্ঘ্য। পূণ্য সঞ্চয়ৰ বাবে ঘৰত আয়োজন কৰিব পাৰে সত্য নাৰায়ণৰ পূজা। ইয়াৰ উপৰিও বুদ্ধসকলে এই দিনটোত বুদ্ধ উপাসনাৰ সৈতে পঞ্চশীল, অষ্টশীল, সূত্রপাঠ, সূত্রশ্রবণ, সমবেত প্রার্থনা কৰে।
১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল’শ্বিপ সন্মিলনত বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আগৰে পৰা শতিকা জুৰি বৌদ্ধসকলে ইয়াক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰি আহিছিল যদিও এই সন্মিলনৰ যোগেদি যি সৰ্বজনীন ৰূপত প্ৰতিষ্ঠিত হয়।
মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰিছিল আৰু এই দিনটোত মানুহে উপহাস কৰে। বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমা অতি ভক্তিৰে পালন কৰে।বুদ্ধ পূৰ্ণিমাৱে বুদ্ধ ধৰ্মৰ আদৰ্শ আৰু পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা যোগায়।এই উৎসৱে সকলোকে শান্তিৰ বাৰ্তা প্ৰদান কৰে।
বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ছয়টা কাৰণ আছে(Why is buddha purnima celebrated)
১. মহাত্মা বুদ্ধৰ জন্ম
২. মহাত্মা বুদ্ধৰ জ্ঞানলাভ
৩. মহাত্মা বুদ্ধৰ মহাপ্ৰয়াণ বা মহাপৰিনিৰ্বাণ
৪.ভগৱান বিষ্ণুৰ নৱম অৱতাৰৰ পৃথিৱীত জন্মলাভ
৫.সত্যব্ৰত পূৰ্ণিমাৰ পৰাই সুদামা ধনৱান হৈছিল
৬.ধৰ্মৰাজ পূজাৰে অকাল মৃত্যুৰ পৰা মুক্তি
লগতে পঢ়ক : Tragic Road Accident in Batadrava : বটদ্ৰৱাত মালবাহী ট্ৰাকে মহতিয়াই নিলে মটৰচাইকেল আৰোহীক;থিতাতে নিহত এজন