Local, Vocal, Global

Birth Anniversary of Lachit Borphukan: জামুগুৰিহাটৰ শান্তিপুৰস্থিত মাৰ্কেটিং কমপ্লেক্সৰ সন্মুখত উন্মোচন মহাবীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি

জামুগুৰিহাট,২৪নৱেম্বৰ: আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।

অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন। তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়(Birth Anniversary of Lachit Borphukan)।

১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও জিলিকি আছে।

শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটত লাচিত দিৱস উদযাপন।

আজি লাচিত দিৱস উপলক্ষে জামুগুৰিহাটৰ শান্তিপুৰস্থিত মাৰ্কেটিং কমপ্লেক্সৰ সন্মুখত উন্মোচন কৰা হ’ল মহাবীৰ লাচিতৰ এক বিশাল প্ৰতিমূৰ্তি।যুৱ উদ্যোগী নীৰজ নিশিম হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা ১২ফুট উচ্চতাৰ আৰু ৫কুইন্টল ওজনৰ এই বিশাল প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰে অসম শিক্ষা পৰিষদৰ উপাধ্যক্ষ শিক্ষাবিদ ৰুক্ম বুৰাগোঁহাইয়ে।চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানত বৃহত্তৰ জামুগুৰিহাটৰ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত আছিল।

ইয়াৰ পাছতে অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতিক লাচিত বৰফুকণৰ ওপৰত এখনি গাম্ভীয্যপূৰ্ণ আলোচনা সভাও অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰত অংশগ্ৰহন কৰে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই আৰু বলিন কোৱঁৰকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । উল্লেখ্য যে লাচিত দিৱসৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখনি আলেখ্য নাট প্ৰদৰ্শন কৰে।

লগতে পঢ়ক :Hemant Soren To Take Oath As Jharkhand CM On Tuesday : মঙলবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে