Birth Anniversary of Lachit Borphukan: মঙলদৈত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় লাচিত দিৱস;বীৰ লাচিত সেনা অসমে আয়োজন কৰে লাচিত দিৱস
মঙলদৈ,২৪নৱেম্বৰ: আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।
অসমৰ ইতিহাসত জিলিকি থকা বীৰ যোদ্ধাসকলৰ ভিতৰত অন্যতম বীৰ লাচিত বৰফুকন। তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত ৰাজ্যজুৰি লাচিত দিৱস হিচাপে পালন কৰা হয়(Birth Anniversary of Lachit Borphukan)।
১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম আজিও জিলিকি আছে।
শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় লাচিত দিৱস।
বীৰ লাচিত সেনা অসমে আয়োজন কৰে লাচিত দিৱস।
লাচিত দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু দৰঙৰ লোক কৃষ্টিক সামৰি লৈ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱাই বীৰ লাচিত সেনা দৰং জিলা সমিতিয়ে।
লগতে পঢ়ক :Illegal Sand Mining :ডিব্ৰুগড় জিলাৰ জকাই খামটিঘাটত চলিছে অবৈধ বালি পলস খনন;নিমাত বন বিভাগ