Local, Vocal, Global

Birth Anniversary of Lachit Borphukan:টীয়কৰ ঐতিহ্যমণ্ডিত লাচিত মৈদামত লাচিত দিৱস উপলক্ষে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী

টিয়ক,২৪নৱেম্বৰ: আজি লাচিত দিৱস। জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী।

শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ ঐতিহ্যমণ্ডিত লাচিত মৈদামত লাচিত দিৱস উপলক্ষে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী।টীয়কৰ লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে জাতীয় বীৰজনাক সোঁৱৰি আয়োজন কৰিছে লাচিত দিৱস(Birth Anniversary of Lachit Borphukan)।

পুৱাই পতাকা উত্তোলন, লাচিতৰ মৈদামত পুষ্পঞ্জলি তৰ্পণ,প্ৰতিমূৰ্তিত মাল্য অৰ্পণ আদি বিভিন্ন কাৰ্যসূচীৰ পাছত দুপৰীয়া লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত মৈদাম প্ৰাংগণত জনগোষ্ঠীয় নৃত্য,মুকলি কুইজ প্ৰতিযোগিতা আৰু এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে।

ইফালে আজিৰ দিনটোত চৰকাৰী কোনোজন বিষয়া এই পৰ্যন্ত মৈদামত উপস্থিত নথকাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে।

লগতে পঢ়ক:মাতৃ-পুত্ৰই জঁপিয়াই পৰিল আৰক্ষীৰ ওপৰত