Local, Vocal, Global

Birendra Nath Datta passes away : বকুল তল উকা কৰি গ’লগৈ বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড০ বীৰেন্দ্ৰ নাথ দত্ত

নিউজ ডেস্ক, ২৩অক্টোবৰ : মহা নৱমীৰ দিনাই ৰাজ্যবাসী লৈ আহিল এক দুখবৰ । সোমবাৰে পুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সংগীতজ্ঞ ড০ বীৰেন্দ্ৰ নাথ দত্তই।দিশপুৰ পলিক্লিনিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে(Birendra Nath Datta passes away at 88) ।

বিশিষ্ট সাহিত্যিকগৰাকী বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল । অৱশেষত সোমবাৰে পুৱা প্ৰায় ৭ বজাত ৮৮ বছৰ বয়সত বিয়োগ ঘটে লোক সংস্কৃতিৰ সাধকগৰাকীৰ। বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগৰ লগে লগে খহি পৰিল সুৰৰ নিজান আকাশখন । এগৰাকী সৰ্বমান্য অসমীয়া আছিল বীৰেন্দ্ৰ নাথ দত্ত । তেওঁ এগৰাকী লেখক-শিক্ষাবিদ লোককলাৰ গৱেষক আৰু সংগীত শিল্পী( Eminent academician, singer and lyricist Birendra Nath Datta passes away at 88) ।

এইগৰাকী শিক্ষাবিদে ১৯৩৫ চনৰ ৪নৱেম্বৰত নগাঁৱত জন্মগ্ৰহন কৰিছিল । বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ বিভাগীয় প্রধানৰূপে অৱসৰ গ্ৰহণ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পৰম্পৰাগত সংস্কৃতি আৰু কলা বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপকৰূপে দায়িত্ব নির্বাহ কৰি ২০০০ চনত অৱসৰ গ্ৰহণ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত দত্তই প্রায় ২৩ ঘন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। গোৱালপাৰা জিলাৰ লোক সংস্কৃতি বিষয়ত গৱেষণা কৰি পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল বীৰেন্দ্ৰ নাথ দত্তই(Birendra Nath Dutta Expired) ।

অসমৰ সংগীত জগতলৈও বিশিষ্ট সংগীতজ্ঞগৰাকীয়ে বহু অৱদান আগবঢ়াই গৈছে। তেখেতৰ বহু চিৰসেউজ গীতে আজিও সংগীত প্ৰেমীসকলক আলোড়িত কৰে(Birendra Nath Datta passes away)।