Local, Vocal, Global

Bir Lachit Sena leader arrested :ৰাজপথত বীৰত্ব প্ৰদৰ্শন বীৰ লাচিত সেনাৰ;অৱশেষত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ নেতা

যোৰহাট,২০জানুৱাৰী : অৱশেষত সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱতীক প্ৰহাৰ কৰা বীৰ লাচিত সেনাৰ যোৰহাট আঞ্চলিকৰ নেতা ৰিতু ফুকনক ।

শনিবাৰে নিশা যোৰহাট নগৰ মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ সমীপত এগৰাকী যুৱতীক প্ৰহাৰ ৰিতু ফুকনে।

পথৰ ওপৰতে এজন যুৱকে প্ৰথমে তৰ্কা তৰ্কিত লিপ্ত হৈ পিছত মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ (Bir Lachit Sena leader arrested)।

খবৰ অনুসৰি, যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা এজন লোক এটা সংগঠনৰ একাংশ সদস্যৰ ৰোষত পৰিব লগা হয় । কাৰণ যুৱতীগৰাকীক মাৰপিট কৰা যুৱকজন আছিল এটা জাতীয় সংগঠনটোৰ বিষয়ববীয়া।

ৰোষত পৰা পাণ দোকানীজনক আনকি আৰক্ষীৰ দ্বাৰা থানালৈ নি বহুৱাই থোৱা হয় আৰু পিছত এই লোকজনেহে ক্ষমা খুজিব লগা হয় তেওঁ যুৱতীগৰাকীক সহায় কৰিবলৈ যোৱা বাবে।

লগতে পঢ়ক :Bir Lachit Sena leader detained: ৰাজপথত দাদাগিৰি দেখুওৱাই আটক বীৰ লাচিত সেনাৰ নেতা