Cyclone Biparjoy : বিপাৰজয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ

নেশ্যনেল ডেস্ক, ১৭ জুন : শুকুৰবাৰে নিশা বিপাৰজয় ঘূৰ্ণীবতাহৰ ফলত কুচ আৰু সৌৰাষ্ট্ৰৰ বিশাল অঞ্চল বানপানীত বুৰ গৈছে (Cyclone Biparjoy) । বহু গছ উভালি পেলোৱা লগতে খেতিপথাৰবোৰ ডুব গৈছিল আৰু বেছিভাগ অঞ্চলতে বিদ্যুৎ বিহীন হৈ পৰিছিল।
গুজৰাটৰ উপকূলীয় অঞ্চলসমূহত ক্ৰমে ত্ৰাসৰ সৃষ্টি কৰিছে ‘বিপাৰজয়’ ঘূৰ্ণী বতাহে (Cyclone Biparjoy) । শনিবাৰে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে ঘূৰ্ণী বতাহ বিপাৰজয়ে । প্ৰচণ্ড গতিবেগেৰে অহা বতাহজাকে মূহুৰ্ততে গছ-গছনি,পশু ফাৰ্ম,বিজুলী খুঁটা ইত্যাদি ভাগি-ছিগি চূৰমাৰ কৰে । জানিব পৰা অনুসৰি জাখৌ বন্দৰৰ ওচৰৰ গাঁৱসমূহত সম্পূৰ্ণৰূপে ধ্বংসলীলা চলাই বিপাৰজয়ে।
বিপাৰজয়ে বিস্তৰ ক্ষতিসাধন কৰিছে অঞ্চলটোৰ মাছমৰীয়া লোকসকলৰ (Biparjoy cyclone affect)। অৱশ্যে বতৰ বিজ্ঞানে জাৰি কৰা আগজাননীৰ ফলত বৰ্তমানলৈকে কোনোলোক আহত হোৱা নাই (IMD)। আনহাতে ৰাজ্যখনৰ কোনো কোনো অঞ্চলত বিগত দুদিনমান ধৰি ধাৰাসাৰ বৰষুণৰো সৃষ্টি হৈছে ।
গুজৰাটৰ উপকূলীয় অঞ্চলত খুন্দা মৰাৰ পাছতে ঘূৰ্ণীবতাহৰ গতি হ্ৰাস হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহ বিপাৰজয়ৰ প্ৰকোপ বহু গুণে হ্ৰাস হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে পুৱতি নিশা এই তথ্য প্ৰকাশ কৰিছে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, শুকুৰবাৰে নিশা ১১:৩০ বজাত দক্ষিণ-পূব পাকিস্তানত ঘূৰ্ণীবতাহ অতি দুৰ্বল হৈ পৰিছে । আনহাতেো ঘূৰ্ণীবতাহ বিপাৰজয় অহা ১২ ঘণ্টাত অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । দক্ষিণ-পশ্চিম ৰাজস্থানৰ সৈতে সংলগ্ন পাকিস্তান আৰু ঢোলাভিৰাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰ-পূবৰে গতি কৰিছে ঘূৰ্ণীবতাহ ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, উত্তৰ গুজৰাট অঞ্চলৰ সৈতে সংলগ্ন উত্তৰ-পূব আৰৱ সাগৰত ৫৫-৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা আছে । ইফালে, ঘূৰ্ণীবতাহৰ ফলত কুচ্ছৰ ভুজত বহু গছ-গছনি উভালি পৰা বুলি জানিব পৰা গৈছে ।
NDRFৰ দলে ৰাস্তা আৰু ৰাজহুৱা স্থানত পৰি থকা গছবোৰ আঁতৰাবলৈ এক অভিযান চলাইছে ।আইএমডিৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে নিশা ঘূৰ্ণীবতাহে কুচ্ছৰ জাখৌ বন্দৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰে উপকূলত খুন্দা মাৰে । ইয়াৰ পূৰ্বে এনডিআৰএফৰ মুঠ ৬ টা দলে ৰুপেন বাণ্ডাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ১২৭ গৰাকী নাগৰিকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ফলত পৰৱৰ্তী দুদিন গুজৰাট আৰু ৰাজস্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগে ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা হিচাপে শুকুৰবাৰে কেইখনমান ৰে’ল বাতিল কৰা হৈছে । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলে গান্ধীনগৰৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত ঘূৰ্ণীবতাহ বিপাৰজয়কলৈ এখন বৈঠক অনুষ্ঠিত কৰে আৰু ক্ষতিৰ মূল্যাঙ্কনৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জিলা দণ্ডাধীশসকলক এক জৰীপ কৰিবলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক : Flood situation in Assam : ধাৰাসাৰ বৰষুণৰ ফলত অসমত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে