WATCH | Binita Chetry : স্বগৃহত উপস্থিত বিনীতা ছেত্ৰী; বোকাজানৰ “দেওপানী মা-দূৰ্গা মন্দিৰ”ত ল’লে আশীষ
বোকাজান,৩জুন : ব্ৰিটেইন গট টেলেণ্ট প্ৰতিযোগিতাত অভূতপূৰ্ব সফলতা অৰ্জন কৰা বিনীতা ছেত্ৰী আজি স্বগৃহত উপস্থিত হোৱাৰ পাছতেই দেওপানী মা দূৰ্গা মন্দিৰত পূজা আগবঢ়াই আশীষ গ্ৰহণ কৰে৷
মা দূৰ্গাৰ আশীষ লোৱাৰ পাছতেই সাংবাদিকৰ আগত অসম কন্যা বিনীতা ছেত্ৰীয়ে কয় যে সুদীৰ্ঘ তিনিবছৰৰ পাছত নিজ গৃহত উপস্থিত হৈ যথেষ্ট আনন্দ অনুভৱ কৰিছে ৷ ভৱিষ্যতে নৃত্যৰ ক্ষেত্ৰত তেওঁ নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে(Binita Chetry)৷
আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰি উৎফুল্লিত বিনীতাই কয় যে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ঘৰলৈ অহাৰ কথা দিয়াৰ লগতে ভৱিষ্যতে সহায় কৰাৰ আশ্বাস দিয়ে বুলি উল্লেখ কৰে ৷
আনহাতে বিনীতাৰ প্ৰশিক্ষক উত্তৰাখণ্ডৰ হাৰ্ডিক ৰাৱত বিনীতাক লৈ যথেষ্ট আশাবাদী ৷ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি তেওঁৱো যথেষ্ট সুখী অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক : WATCH | Nagaon Theft : নগাঁও নতুন বজাৰৰ এ.ডি.পি ৰোডত পৰা চাৰিচকীয়া বাহন চুৰি