Bilasipara News:বিলাসীপাৰাত শনিবাৰে নিশা অপ্ৰীতিকৰ পৰিস্থিতি
বিলাসীপাৰা,২ফেব্ৰুৱাৰী : বিলাসীপাৰাত শনিবাৰে নিশা অপ্ৰীতিকৰ পৰিস্থিতি । বিলাসীপাৰা মিউজিক ফেষ্টিভেল ২০২৫ত উত্তেজিত ৰাইজে ভাঙি চূড়মাৰ কৰিলে হাজাৰ হাজাৰ চকী । লগতে মঞ্চৰ পৰাও মূৰত তুলি ঘৰলৈ লৈ যায় চকী, চোফা(Bilasipara News)।
ঘটনা অনুসৰি, শনিবাৰে নিশা বিলাসীপাৰাৰ আই এন এ খেল পথাৰত আয়োজিত কৰিছিল মিউজিক ফেষ্টিভেল। ফেষ্টিভেলত প্ৰৱেশ মূল্য আছিল দুই হাজাৰ টকা, একহাজাৰ টকা, আৰু পাঁচশ টকা । ফেষ্টিভেলত মুখ্য অতিথি শিল্পী আছিলে মুম্বাই চিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ৰিতু পাঠক।ছেলিব্ৰিটি শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰোতা ।কিন্তু মঞ্চত উপস্থিত নহ’ল দুই শিল্পী । চুক্তি কৰা মতে শিল্পী দুগৰাকীক ধন আদায় নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে ।
ইয়াৰ বাবে নিশা এটা বজালৈকে আমন্ত্ৰিত শিল্পী দুগৰাকী মঞ্চত নুঠাৰ অভিযোগ । আয়োজক সমিতিৰ এনে কৰ্ম কাণ্ডত উত্তেজিত হৈ ৰাইজে মঞ্চত থকা হাজাৰ হাজাৰ চকী ভাঙি চূড়মাৰ কৰে । এয়াই নহয় একাংশ উত্তেজিত ৰাইজে নিজৰ পইচা বাবে মঞ্চৰ পৰা চকী মুৰত তুলি লৈ যায় |
বিলাসীপাৰা আৰু ধুবুৰীৰ এফ এইচ প্ৰডাকচন , আৰু হাঙ্গৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল নাইটৰ ।
আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবেই এনে কৰ্ম কাণ্ড সংঘটিত হবলৈ পালে বুলি অভিযোগ উঠিছে । মিউজিক ফেষ্টিভেলৰ নামত বিলাসীপাৰাৰ গুণ গৰিমাক ধূলিসাৎ কৰা আয়োজক সমিতিক বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহনা জনাইছে ।
ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে সোধ পোছৰ বাবে আয়োজক সমিতিৰ কেবাজনক আটক কৰিছে ।ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে ।
লগতে পঢ়ক :Chapar News: চাপৰৰ আৰেয়াৰঝাৰত নিশা উত্তপ্ত পৰিস্থিতি