Bilasipara News :বিলাসীপাৰাৰ সীমান্তবৰ্তী কোদালধোৱা মাদ্ৰাছাত ওৱাজ মেহফিলৰ আয়োজন
বিলাসীপাৰা,২৮জানুৱাৰী : বিলাসীপাৰাৰ সীমান্তবৰ্তী কোদালধোৱা মাদ্ৰাছাত ওৱাজ মেহফিলৰ আয়োজন।ওৱাজ মেহফিলৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ হিন্দী ছিনেমা জগতৰ অভিনেতাক।
অহা ফেব্ৰুৱাৰী মাহৰ ৭ আৰু ৮ তাৰিখে ফকিৰাগ্ৰামৰ কোদালধোৱাত মাদ্ৰাছা-ই-হিফজুৰ কোৰআনৰ ২৮ সংখ্যক বাৰ্ষিক ওজাজ মেহফিল আয়োজন কৰা হৈছে ৷ওৱাজ মেহফিলৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ হিন্দী ছিনেমা জগতৰ অভিনেতা আৰিফ খানক। ১৯৯১ চনত ফুল আউৰ কাণ্টে নামৰ হিন্দী চিনেমাখনত ৰকী হিচাপে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল আৰিফ খাঁনে(Bilasipara News)।
বৰ্তমানে চিনেমা জগত এৰি এগৰাকী মৌলানা, আলিম তথা এগৰাকী ইছলামিক বক্তা হিচাপে জনজাত হৈ পৰা চিনেমা জগতৰ খনলায়ক গৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ৮ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম কোদালধোৱা মাদ্ৰাছা-ই-হিফজুল কোৰাআনৰ ২৮ তম তাফছিৰুল কোৰাআন ওৱাজ মেহ ফিলত অংশ গ্ৰহণ কৰি ইছলাম ধৰ্মৰ ওপৰত বক্তব্য প্ৰদান কৰিব৷
একেদৰে মুম্বাইৰ পৰা হাফিজ আব্দুৰ ৰহিম আৰু ত্ৰিপুৰাৰ পৰা আলহাজ হজৰত মৌলানা বিলাল আহমেদ চিদ্দিকীয়ে আগমনক লৈ ব্যাপক তৎপৰতা চলাই থকা অভ্যৰ্থনা সমিতিয়ে প্ৰতিগৰাকী লোকক উপস্থিত থাকি ওৱাজ মেহফিল সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক :Drugs peddler arrested along with drugs: বোকাজানত জব্দ ৭ কোটি টকা মূল্যৰ হেৰ’ইন;আটক সৰবৰাহকাৰী