Local, Vocal, Global

Watch | Bilasipara News: বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বিলাসীপাৰা: বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ৰাণীগঞ্জৰ হেলাগাড়ীৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

ধৃত সৰবৰাহকাৰী দ্বয় ক্ৰমে আহাজা শালমাৰাৰ আফিজুল হক আৰু ভিচাপাৰা গাঁৱৰ শাফিদুল হক বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীক দুজনৰ পৰা ২৮৮ টা ট্ৰেমাডল টেবলেট আৰু ২০৮ গ্ৰাম হিৰোইন আৰু AS 17 N 7615 নম্বৰৰ পালৰ্চাৰ বাইক জব্দ কৰে আৰক্ষীয়ে।

সাপটগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মালাকাৰৰ নেতৃত্বত চলিছিল এই অভিযান । ধৃত সৰবৰাহকাৰী আফিজুল হক আৰু শাফিদুল হকৰ বিৰুদ্ধে সাপটগ্ৰাম, বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । সম্প্ৰতি ধৃত সৰবৰাহকাৰীক দুজনৰক সাপটগ্ৰাম আৰক্ষীয়ে থানাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ মৰিসুতিৰ কৃষিপথাৰত ব্যস্ত ৰোৱনী