WATCH | Bilasipara News : পঞ্চয়ত সভাপতি সমৰ্থন নকৰাৰ বাবে ৱাৰ্ড সদস্যক অপহৰণ !

বিলাসীপাৰা,৩১মে’ : বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পঞ্চয়ত সভাপতি সমৰ্থন নকৰাৰ বাবে ৱাৰ্ড সদস্যা অপহৰণ কৰাৰ অভিযোগ ।
বিলাসীপাৰা সম-জিলাৰ অন্তৰ্গত মায়াৰ চৰ গাওঁ পঞ্চায়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো(Bilasipara News)।
জানিব পৰা মতে,, ২৬ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছে নৱ নিৰ্বাচিত পঞ্চায়ত সদস্য মল্লিকা খাতুন আৰু তেওঁৰ স্বামী। মায়াৰ চৰ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্যা আছিল মল্লিকা খাতুন। পঞ্চায়ত সভাপতি গঠনৰ বাবে সভাপতি সমৰ্থন নকৰাৰ বাবে ৱাৰ্ড সদস্যা মল্লিকা খাতুন তেওঁৰ স্বামী আৰু কণমানি সহ অপহৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰলোকে।
ভুক্তভূগীয়ে ঘটনা সন্দৰ্ভত নায়েৰ আলগা উপ আৰক্ষী থানাত এজাৰৰ দাখি কৰে যদিও এতিয়া কোনো সন্ধান লাভ কৰা নাই মল্লিকা খাতুন আৰু তেওঁৰ স্বামীৰ।
লগতে পঢ়ক : WATCH | Sonari News : নদীবান্ধক লৈ সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমা