Local, Vocal, Global

WATCH | Bilasipara News : সাংসদ, বিধায়কে নকৰা কাম কৰি দেখুৱালে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে

বিলাসীপাৰা,২৯মে’ : সাংসদ, বিধায়কৰ নকৰা কাম কৰি দেখুৱালে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে।

বিলাসীপাৰা সমজিলাৰ হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাঠাল দি তৃতীয় খণ্ড গাঁৱৰ ৰাস্তাৰ বাঁহৰ সাঁকো কাম আৰম্ভ কৰে।

দীঘ দিনৰ পৰা যাতায়তৰ বাবে এখন দলং অভাৱত জীয়াতু ভুগিব লগীয়া হৈছে গাঁওখনৰ ৰাইজে(Bilasipara News)।

গাঁওখনৰ মূল পথত খাল হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো গাঁও ৰাইজ টুংলিয়া নাওঁ আৰু কল গছৰ ভূৰ সহায়ত যাতায়ত কৰিব লগা হৈছিল।

নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সহযোগত নিজৰ গাঁঠিৰ ধনেৰে বাহঁৰ সাঁকো কাম শুভ উদ্বোধন কৰে।

স্থানীয় ৰাইজৰ মতে ইয়াত দলংৰ প্ৰয়োজন দলংৰ বাবে ৰাইজে বিধায়ক , সাংসদ অৱগত কৰিছিল যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই।

নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ এনে পদেক্ষপত সমগ্ৰ বিলাসীপাৰাত চৰ্চিত হৈ পৰিছে।

লগতে পঢ়ক : WATCH | Tragic incident : যাত্ৰীবাহী অটো আৰু এখন এলট্ৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ