WATCH | Bilasipara News : বিলাসীপাৰাত এইবাৰ ৰাইজ আৰু নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ গাঁঠিৰ ধনেৰে গৰাখহনী প্ৰতিৰোধৰ চেষ্টা
বিলাসীপাৰা,২২মে’ : বিলাসীপাৰা সম-জিলাৰ অন্তৰ্গত চৰ হাতীপোতা গাঁও পঞ্চায়তৰ গৌৰাং নৈৰ গৰাখহনী কবলত হাতীপোতা দ্বিতীয় খণ্ড গাওঁৰ ৰাইজ। কাণ সাৰ নাই স্থানীয় বিধায়ক,সাংসদ, বিভাগীয় কৰ্তপক্ষৰ।
ইতিমধ্যেই শ শ বিঘা কৃষি ভূমি আৰু কেইবাও পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ গৈছে। স্থানীয় ৰাইজে বহুতো আবেদন নিবেদন কৰাৰ পিছতো গৰাখহনী ৰোধ কৰাৰ ক্ষেত্ৰত কোনো সুফল নোপোৱাত(Bilasipara News)।
এইবাৰ স্থানীয় ৰাইজ আৰু নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে নিজৰ গাঁঠিৰ ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ বান্ধৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে।
পঞ্চয়ত খনৰ আঞ্চলিক সদস্য ফুলবাৰ আলী মণ্ডল আৰু পঞ্চয়ত খনৰ ৬ নং ৱাৰ্ডৰ সদস্যা তথা আশাবাদী সভানেত্ৰী জুলিকা বেগমৰ প্ৰচেষ্টাত ৰাইজৰ সহযোগত নিজৰ গাঁঠিৰ ধনেৰে গৰাখহনী ৰোধ কৰাৰ বাবে বাঁহৰে (বেমবু) বান নিৰ্মাণ কাম শুভ উদ্বোধন কৰে।
পঞ্চয়ত খনৰ জন প্ৰতিনিধিৰ এনে পদক্ষেপক সমগ্ৰ সম জিলাতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।
লগতে পঢ়ক : WATCH | Dibrughar News : মৰণফাণ্ডলৈ পৰিণত হৈছে ডিব্ৰুগড়ৰ পদপথ