WATCH | Bilasipara News : বিলাসীপাৰাত দিন দুপৰতে চোৰৰ সন্ত্ৰাস
বিলাসীপাৰা,১০মে’: বিলাসীপাৰাত দিন দুপৰতে চোৰৰ সন্ত্ৰাস।
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ’ল সোণৰ অলংকাৰ আৰু নগদ ২,৭০,০০০ টকা ।
এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা বাঙলীপাৰা প্ৰথম খণ্ড গাঁৱত(Bilasipara News)।
গাওঁ খনৰ এজন বিধৱা মহিলাৰ ঘৰত চোৰে চলালে এই ছাফাই অভিযান।
মহিলা গৰাকীয়ে যোৱা কেইদিনমান আগতে বেংকৰ পৰা ২,৭০,০০০ টকা উঠাই লৈ আনিছিল ঘৰ নিৰ্মাণ কৰিবলৈ।
আজি ৰাতিপুৱা মহিলা গৰাকী আৰু তেওঁৰ ছোৱালী বিদ্যালয়লৈ গৈছিল। এই সুযোগতে ঘৰত কোনো নথকাত চোৰে চলালে এই সন্ত্ৰাস।
পিছত মহিলা গৰাকীৰ ছোৱালী ঘৰত গৈ দেখা পালে ঘৰৰ তলা ভাঙি সোণৰ অলংকাৰ আৰু ২,৭০,০০০ টকা চোৰে চুৰি কৰি লৈ যায়। এই চুৰি কাণ্ডৰ পিছত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। পিছত ভূক্তভূগীয়ে বিলাসীপাৰা আৰক্ষী থানাত এজাৰৰ দাখিল কৰে।
লগতে পঢ়ক :WATCH | Operation Sindoor : ৪টাকৈ পাকিস্তানী এয়াৰবেছ ধ্বংসৰ আনিষ্ঠানিক ঘোষণা ভাৰতৰ