Bilasipara News: অচিনাকী ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি বিপদত বিলাসীপাৰাৰ যুৱক
বিলাসীপাৰা,২৪নৱেম্বৰ : অচিনাকী ব্যাক্তিৰ সৈতে বন্ধুত্ব কৰা সকল সাৱধান।
অচিনাকী ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি বিপদত বিলাসীপাৰাৰ যুৱক(Bilasipara News)।
বিলাসী পাৰাৰ এগৰাকী যুৱকে অচিনাকী ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি তুলি পৰিল বিপদত ।
ঘটনা বিৱৰণি অনুসৰি,নাম আব্দুল মন্নাফ, পেচাত গুৱাহাটীত Ola uber চালক। আব্দুল মন্নাফৰ আগত নিজকে CBI অফিচাৰ বুলি পৰিচয় দি এজন লোকে গঢ়ি তুলিছিল বন্ধুত্বৰ সম্পৰ্ক। বন্ধুত্বৰ সম্পৰ্ক গঢ়ি আব্দুল মন্নাফৰ গাড়ী ৰিজাৰ্ভ কৰিছিল।দুয়োজনৰ মাজত চলিছিল দীৰ্ঘ দিন বন্ধুত্ব।
বিলাসীপাৰাৰ আহি শিবা লজত নৈশ যাপন কৰিছিল চাৰি দিন। বন্ধুত্বৰ ৰূপ লৈ এদিন আব্দুল মন্নাফৰ ঘৰত গৈছিল এই গৰাকী প্ৰৱঞ্চকে।ঘৰত গৈ হঠাৎ বিচাৰিছিল বাইক খন। সহজ সৰল আব্দুল মন্নাফেও বাইকৰ চাবি দিছিল পৰিচয় দিয়া CBI অফিচাৰক। তাৰ পিছতে ঘটিল অঘটন ।বাইকখন লৈ পলাল ভুৱা CBI অফিচাৰে । আব্দুল মন্নাফে ফোন কৰিলে দিয়ে মৃত্যুৰ ভাবুকি।