Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভুৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ

বিলাসীপাৰা,১৯এপ্ৰিল : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভুৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ ভয়ংকৰ অভিযোগ ।

ফুটকিবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত শিমলাবাৰী ১০ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সাহালম আকন্দৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰাৰ্থী সকলৰ ঘৰত পকী শৌচালয় থকাটো বাধ্যতামূলক কৰিছিল নিৰ্বাচন আয়োগে(Bilasipara News)।

কিন্তু নিৰ্বাচন আয়োগক বুঢ়া আঙুলি দেখুৱাই ভুৱা নথি পত্ৰৰে শপত নামা দি মনোনয়ন পত্ৰ দাখিল কৰিছে একাংশ ৱাৰ্ড সদস্যই।

শিমলাবাৰী ১০ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী সাহালম আকন্দৰ ঘৰত কোনো ধৰণৰ পকী শৌচালয় নাই বুলি অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত গাঁওৰ সচেতন মহলে বিলাসীপাৰা সম জিলা আয়ুক্ত গৰাকীক এখন লিখিত অভিযোগ দাখিল কৰে। অভিযোগত খবৰ পাই এ ৰাতিয়েই শৌচালয় নিৰ্মাণ কৰাৰো অভিযোগ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ সদস্য পদৰ প্ৰাৰ্থী সাহালম আকন্দৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় সচেতন মহলে।

লগতে পঢ়ক : WATCH | Rongali Bihu: টীয়কৰ মিধাকাটৰ যুৱতী বোৱাৰীয়ে উদযাপন কৰিছে চেনেহী বিহু