Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলত মোক্ষম আঘাত

বিলাসীপাৰা,৪এপ্ৰিল : বিলাসীপাৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলত মোক্ষম আঘাত।

এসময়ৰ অসম গণ পৰিষদ দলৰ দুৰ্গ বুলি কোৱা শালোকোচা অঞ্চলৰ সক্ৰিয় অগপ নেতা শেমল চন্দ্ৰ বৰ্মনসহ কেইবাজনৰ দল ত্যাগ। দল ত্যাগ কৰিয়েই আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান অগপ নেতা শেমল চন্দ্ৰ বৰ্মনসহ কেইবাজনৰ(Bilasipara News)।

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশাৰ উপস্থিতত সোনামুখীত আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰে নেতা গৰাকীয়ে। কংগ্ৰেছত যোগদান কৰিয়েই প্ৰাক্তন অগপ নেতা শেমল চন্দ্ৰ বৰ্মনৰ ঘোষণা। শীঘ্ৰেই অসম গণ পৰিষদ দল ত্যাগ কৰিব বহু সক্ৰিয় নেতা কৰ্মীয়ে।

বিলাসীপাৰাত অগপ দল ত্যাগ কৰাৰ যোৱাৰ উঠিৱ। উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সক্ৰিয় অগপ নেতাৰ দল ত্যাগৰ বিষয়টো বিলাসীপাৰাত সাংঘাতিক ধৰণে চৰ্চা লাভ কৰিছে।

লগতে পঢ়ক : WATCH | Sipajhar News : বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিন্ন কাৰ্যসূচীৰে উৎসৱমুখৰ হৈ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সফল সামৰণি