Local, Vocal, Global

WATCH | Bilasipara News : বিলাসীপাৰাত জেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ

বিলাসীপাৰা,২৯মাৰ্চ : বিলাসীপাৰাত জেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ।

ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ।

বিজেপি চৰকাৰে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ষড়যন্ত্ৰমূলক ভাৱে আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগত এই প্ৰতিবাদ(Bilasipara News)।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গো বেগ,অসম চৰকাৰৰ হায় হায়,ফেচিচ চৰকাৰ মুৰ্দাবাদ, সাংবাদিক দিলৱাৰ হুছেইনক মুক্তি দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। অনতি পলমে জেষ্ঠ সাংবাদিক জনক মুক্তি নিদিলে ব্যাপক আন্দোলনৰ হুংকাৰ সংগঠন দ্বয়ৰ।

লগতে পঢ়ক : WATCH | Dhemaji News : ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৮০ লাখ হিন্দু-বাঙালীৰ বাবে চেটেলাইট কাউন্সিল গঠন, জলন্ত সমস্যা সমাধানৰ দাবী বেংগলী ফেডাৰেচনৰ