WATCH | Bilasipara News : বিলাসীপাৰাত জব্দ 7.62 MM সজীৱ গুলি, এটা বুলেট আৰু বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ
বিলাসীপাৰা,২৩মাৰ্চ : বিলাসীপাৰাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ 7.62 MM সজীৱ গুলি, এটা বুলেট আৰু বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ। নিশা বিলাসীপাৰা আৰক্ষীৰ এটি সজাতি দলে ডুৱাচৰী গাঁৱত চলায় অভিযান।
অভিযানত গাঁৱখনৰ হায়দাৰ আলীৰ ঘৰৰ পৰা আটক কৰে ছমিৰ উদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। ছমিৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কিলো গাঞ্জ, তিনিটা কণ্টেনাৰ ভৰ্তি 3:17 গ্ৰাম হেৰোয়ীন, তিনিটা মোৱাইল ফোন আৰু AS-17P 5477 নম্বৰৰ পালচাৰ বাইক(Bilasipara News)।
আটকাধীন ছমিৰ উদ্দিনৰ ঘৰ আটানীত বুলি জানিব পৰা গৈছে। ইফালে ঘৰৰ গৰাকী হায়দাৰ আলী আৰক্ষীৰ উমান পাই পলাই যাবলৈ সক্ষম হয়।
লগতে পঢ়ক : WATCH | Noida News: সাৱধান ! ম’ম খাই থাকোতে দুৰ্বৃত্ত লুটিলে ডিঙিৰ চেইন