WATCH | Bilasipara News : মিনি বাংলাদেশ কাণ্ডকলৈ উত্তাল বিলাসীপাৰা
বিলাসীপাৰা,২৩মাৰ্চ : মিনি বাংলাদেশ কাণ্ডকলৈ উত্তাল বিলাসীপাৰা। বিভিন্ন স্থানত বিভিন্ন দ’ল সংগঠনে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।
সংসদত বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াৰ পিছতেই দেশ জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যক তীব্ৰ নিন্দা ধুবুৰী জিলা ৰাইজৰ দ’লৰ সভাপতি জামাল হকৰ(Bilasipara News)।
জামাল হকৰ প্ৰশ্ন ধুবুৰী জিলা অসমৰ মানচিত্ৰৰ ভিতৰত পৰে নে নপৰে? ধুবুৰী জিলা অসমৰ অংশ হয় নে নহয়? যদি হয়, তেন্তে ধুবুৰীক লৈ কিয় ৰাজনীতি কৰা হৈছে? এই লেতেৰা ৰাজনীতি বন্ধ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি কয় ৰাইজৰ দলৰ ধুবুৰী জিলাৰ সভাপতি জামাল হকে।
লগতে পঢ়ক : WATCH | Pramod Boro News : “হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক লৈ ব্যস্ত হ’লে ভাল হ’ব”