WATCH | Bilasipara News : বিলাসীপাৰাত দালালৰ দপদপনি
বিলাসীপাৰা,২০মাৰ্চ : বিলাসীপাৰাত দালালৰ দপদপনি। বিলাসীপাৰা নায়য়েৰ আলগা আৰক্ষী চকীত চলি আছে ভয়ংকৰ দালালৰাজ। দালাল অবিহনে যেন কোনো কামেই নহয় বিলাসীপাৰা থানা আৰু নায়য়েৰ আলগা আৰক্ষী চকীত। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ দল সংগঠনে।
এই দালাল জনলৈ মন কৰক। দালালজনৰ নাম আবেদ আলী। দালাল আবেদ আলীৰ স্থায়ী ঠিকনা যেন এতিয়া নায়েৰ আলগা আৰক্ষী চকী।
পুৱাই আৰক্ষী চকীত বহী নিজে এজাহাৰ লিখে আৰু দুয়োপক্ষক মিলাই দিয়াৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু বিভিন্ন দ’ল সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই নায়েৰআলগা আৰক্ষী চকীৰ আইচি শাজাহান আলীৰ।
প্ৰশ্ন উত্থাপন হৈছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক তেনে সময়তেই বিলাসীপাৰাত দালালৰ ভয়ংকৰ দপদপনি কিয়!
লগতে পঢ়ক : WATCH | Chapar News : চাপৰত KMSS আৰু SMSS ৰ প্ৰতিবাদ