WATCH | Bilasipara News: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষুব্ধ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
বিলাসীপাৰা,২৪ফেব্ৰুৱাৰী : শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ’ৰ পত্নী অধ্যাপিকা ড° গীতাশ্ৰী তামুলীক বদৰুদ্দিন আজমলে বুঢ়ী আখ্যা দিয়া কাণ্ডত ক্ষুব্ধ হৈ পৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
আজি সংগঠন দুটাৰ ধুবুৰী জিলা সমিতিয়ে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰে(Bilasipara News)।
ক্ষুব্ধ সংগঠন দুটাৰ নেতৃত্বই কয় যে, ক্ষমতা হেৰুৱাই আজমল সম্প্ৰতি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। তেওঁ কেৱল এগৰাকী অধ্যাপিকাকে নহয়, সমগ্ৰ নাৰী জাতিকে অপমান কৰিছে। বৃদ্ধ,মানসিক বিকাৰগ্ৰস্থ আজমলক ৰচীৰে বান্ধি জেইলত প্ৰক্ষেপ কৰি মানসিক চিকিৎসা কৰাৰ দাবী কৰে ক্ষুব্ধ সংগঠনদ্বয়ৰ নেতৃত্বই।