WATCH | Bilasipara News: বিলাসীপাৰাত AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমলৰ পুত্তালিকা দাহ
বিলাসীপাৰা,২৪ফেব্ৰুৱাৰী : বিলাসীপাৰাৰ বাঙালীপাৰাত AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমলৰ পুত্তালিকা দাহ। অধ্যাপিক,তথা বিধায়ক অখিল গগৈৰ সহধৰ্মিনী গীতাশ্ৰী তামুলী সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ(Bilasipara News)।
ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতি জামাল হকৰ নেতৃত্বত শতাধিক কৰ্মকৰ্তা সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।
“বদৰুদ্দিন আজমলৰ এই মন্তব্য চৰম অশালীন,নিম্ন ৰুচি সম্পন্ন। নাৰী জাতিক অপমান কৰিছে বদৰুদ্দিন আজমলে।”
এগৰাকী মৌলানাৰ মুখত এনেকুৱা নীচ,কুৰুচি সম্পন্ন মন্তব্যই সমগ্ৰ নাৰী সমাজক চৰম অপমানিত কৰিছে। আজমলক নাৰী সমাজৰ আগত ৰাজহুৱা ক্ষমা বিচাৰিবলৈ আহ্বান জনায় ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতি জামাল হকে। যদি ক্ষমা নুখুজে ধুবুৰীত প্ৰবেশ নিষিদ্ধ কৰাৰ হংকাৰ প্ৰদান কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।