Bilasipara News:বিলাসীপাৰাত চোৰাং গৰুসহ আটক এজনক
বিলাসীপাৰা,১৩ফেব্ৰুৱাৰী : বিলাসীপাৰা আৰক্ষীৰ অভিযান ।
বিলাসীপাৰা আৰক্ষীয়ে খেদি খেদি চাৰিটাকৈ চোৰাং গৰুসহ এজন আটক কৰে।
বিলাসীপাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই বিলাসীপাৰাৰ গোৱালেৰ চৰৰ পৰা চাৰিটাকৈ চোৰাং গৰু এজনক আটক কৰে(Bilasipara News)।
আটক হোৱা সৰবৰাহকাৰীৰ ভাষ্য অনুসৰি খয়বৰ আলী নামৰ গো মাফিয়াৰ নেতৃত্বত দীৰ্ঘ দিনৰ পৰাই চলাই আহিছে এই চোৰাং গৰু সৰবৰাহ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক :Heavy Storm in Assam :ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা, বৰষুণ