Local, Vocal, Global

Bilasipara News : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

বিলাসীপাৰা,৭অক্টোবৰ : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। ছাবেদ আলী, ময়নাল হ’ক আৰু আছিৰ উদ্দিনৰ হত্যাকাৰী ১৩জনক যাৱজ্জীৱন কাৰাদণ্ড।  সুদীৰ্ঘ ২৮ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালৰ লোক(Bilasipara News)। 

উল্লেখ্য যে বিলাসীপাৰা থানাৰ ভোৱালকামুৰি প্ৰথম খণ্ড গাওঁত ভূমি বিবাদক কেন্দ্ৰ কৰি ১৯৯৬ চনত  সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।ছাবেদ আলী, ময়নাল হ’ক আৰু আছিৰ উদ্দিনে নৃশংস বাবে হত্যা লগতে ৯ জন লোকক গুৰুতৰ ভাবে আহত কৰিছিল। পৰিকল্পিত ভাবে দা’ ৰে আক্ৰমণ কৰি নৃশংসভাবে হত্যা কৰিছিল এজন লোকক। ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।
আৰক্ষীয়ে ১৯০/৯৬ নম্বৰত গোচৰ ৰজু কৰে।

সুদীৰ্ঘ ২৮বছৰ পিছত বিলাসীপাৰা  মহকুমা আদালতত ছেচন কেচ নম্বৰ ১০৮/২০০১ মতে ন্যায়াধীশে শুনানী গ্ৰহণ  কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ফাৰহানা ছুলতানা বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত আব্বাছ আলী, আলী হুছেইন,আবু বক্কৰ ছিদ্দিক, ইউনুছ আলী, ইনছাফ আলী, নৌসাদ আলী, চহিদ আলী, গোলাপ নবী, হজৰত আলী, আলম শেখ, মোছলেম উদ্দিন, খয়বৰ আলী, ছাদেক আলীকে ধৰি মুঠ ১৩জনক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৯/৩০২/৩২৬ নং ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহে।

হত্যাকাণ্ডটোত জৰিত থকা আন ছয় জন লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে আন দুজন নাবালক হোৱাৰ বাবে ৰেহাই দিয়ে।

লগতে পঢ়ক :Dry day on 13 october : ১৩ অক্টোবৰত ৰাজ্যত বন্ধ থাকিব সুৰা বিপণী