Bilasipara BDO accused of graft : বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চলিছে কমিশ্যন ৰাজ
২৩ জানুৱাৰী,বিলাসীপাৰা : বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চলিছে কমিশ্যন ৰাজ I প্ৰতিটো MGNREGA আৰু 15TH FINANCE ৰ Meterial ৰ বিলৰ কামৰ বাবদ ৫০ শতাংশ কমিশ্যন লাগে বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়া আলী আকবৰ আৰু একাউণ্টেন কাদেৰ আলী মণ্ডলৰ।খোদ উন্নয়ন খণ্ডৰ বিষয়া ছত্ৰছায়াত কাৰ্যালয় খনত কমিশ্যন ৰাজ চলাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।এই অভিযোগ আনিছে হাতীপোতা গাওঁ পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সদস্যই। খণ্ড উন্নয়ন বিষয়া আলী আকবৰ আৰু একাউণ্টেন কাদেৰ আলী মণ্ডলে ৫০ শতাংশ কমিশ্যন নাপালে পেমেন্ট নকৰে MGNREGA আৰু 15TH FINANCE ৰ Meterial ৰ বিলৰ টকা। প্ৰতিটো কামৰ বাবদত উৎকোচ ৫০ শতাংশ কমিশ্যন নিদিলে কামৰ বিলৰ চহী আৰু বিল নিদিয়ে ধুৰন্তৰ একাউণ্টেন জনে।প্ৰতিটো কামৰ বাবদ উৎকোচ হোনো ধুবুৰীত একাংশ বিষয়া আৰু মন্ত্ৰীৰ পকেটত যায় বুলি এক অডিঅ’ ভাইৰেল হৈছে একাউণ্টেন কাদেৰ আলী মণ্ডলৰ।এই দুৰ্নীতিগ্ৰস্থ বিষয়াক দুগৰাকী বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্ত বিচাৰিছে একাংশ জন প্ৰতিনিধি তথা বিভিন্ন দ’ল সংগঠনে।