Bilasipara acciddent: বিলাসীপাৰাৰ বান্দৱপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে মৃত্যু স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ
৮ফেব্ৰুৱাৰী ২০২৫,বিলাসীপাৰা: বিলাসীপাৰাৰ বান্দৱপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনৰ চালকৰ অসাৱধানতাৰ বাবে মৃত্যু হৈছে এগৰাকী ছাত্ৰৰ।ৰাজ্যত পুণৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰো বাহনৰ চালকৰ অসাৱধানতাৰ বাবে বাহনৰ পৰা পৰি থিতাতে মৃত্যু শাহিল আব্বাছৰ ।বিলাসীপাৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল শাহিল আব্বাছ ।শাহিল আব্বাছৰ ঘৰ বিলাসীপাৰাৰ হাউদেৰটাৰীত বুলি জানিব পৰা গৈছে ।মেধাবী ছাত্ৰজন বিলাসীপাৰাৰ খান ছাউণ্ডত অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছিল ।বিলাসীপাৰাৰ খান ছাউণ্ডচ কৰ্তৃপক্ষৰ চুড়ান্ত অৱহেলা আৰু গাফলতিৰ ফলত এই হৃদয়বিদাৰক আৰু মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।আৰু ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে। এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ ঘটনাই বিলাসীপাৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।